Show/Hide Keyboard Layout

জোনাকৰে ৰাতি

- ভূপেন হাজৰিকা

জোনাকৰে ৰাতি, অসমীৰে মাটি

জিলিকি জিলিকি পৰে

মলয়াৰে এছাটি, দুহাতে সাবটি

ধুনীয়া মালতী সৰে ।

         

এইখন দেশ মোৰ, তেনেই আপোন

নিতে নিতে আনে, নতুন সপোন

আমাৰ গাঁৱৰে, সৰু জুৰিটিত

তৰাই ধেমালি কৰে ।

আশাৰ চাকি জ্বলে

দুখীয়াৰে ঘৰে ঘৰে

তাকে দেখি এন্ধাৰবোৰে

আমাৰ গাঁও এৰে ৷

       

আমাৰে দেশৰ, বোৱতী সুঁতিক

বাধা দিব কোনে পাৰে ?

আগলতি কালাপাত, লৰে-চৰে

মনৰ পখিটি মোৰ উৰে উৰে

কোন চিফুঙৰ সুৰে সুৰে ৷

 

অʼ... অʼ... অʼ...

Hits: 1900